PRESS :

Register as Volunteer & make a difference!

Frequently Asked Questions

What is CAA?

উঃ ‘কা’ (CAA) মানে নাগৰিকত্ব সংশোধনী আইন। এখন দেশৰ নাগৰিকত্ব পাবৰ বাবে সেই দেশখনৰ সুনিৰ্দিষ্ট আইন আৰু বিধি থাকে। ভাৰতবৰ্ষত নাগৰিকত্ব নিৰ্ণয় হয় ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ দ্বাৰা। সম্প্ৰতি ভাৰতবৰ্ষত ১৯৫৫ চনৰ নাগৰিকত্ব আইন খনৰ কিছু সংশোধনী অনা হৈছে আৰু এই সংশোধনী ভাৰতবৰ্ষৰ দুয়োখন সদনত গৃহিত হৈছে। ভাৰতবৰ্ষত ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ শেহতীয়া সংশোধনী হ’ল সকলোৰে মুখত প্ৰচলিত ‘কা’ (CAA)।
উঃ- নাগৰিকত্ব সংশোধনী আইন ২০১৯ খন এখন ৰাষ্ট্ৰীয় আইন। যদিও এই সংশোধনীৰ প্ৰভাব আৰু প্ৰতিক্ৰিয়া সমগ্ৰ ভাৰতবৰ্ষ আৰু অসমৰ ক্ষেত্ৰত সুকীয়া। এই সংশোধনীৰ দ্বাৰা বাংলাদেশ, পাকিস্তানৰ ২০১৪ চনলৈকে ভাৰতবৰ্ষত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, শিখ, জৈন, বৌদ্ধ আৰু পাৰ্চী লোক সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। সমগ্ৰ ভাৰতবৰ্ষত এই আইনখনৰ বিৰোধীতা কৰা হৈছে এই কাৰণে, যে যিহেতু সংবিধান অনুযায়ী ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, সেয়েহে ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থাই ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰত আঘাত হানিছে।
উঃ- অসমৰ প্ৰেক্ষাপট সুকীয়া- ১৯৮৫ চনত স্বাক্ষৰ হোৱা অসম চুক্তি অনুযায়ী ১৯৭১ চনলৈ অসমত প্ৰৱেশ কৰা সকলো বিদেশীকে অসমত স্থান দিয়া হৈছে। কিন্তু ভাৰতবৰ্ষত যিহেতু নাগৰিকত্ব সময়সীমা ১৯৫১ চন, গতিকে অসমে ১৯৭১ চনলৈ ২০ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ইতিমধ্যেই গ্ৰহণ কৰিছে, সেয়েহে অসমে আৰু অতিৰিক্ত বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয়। অতিৰিক্ত বিদেশীৰ বোজা জাপি দিব বিচাৰাতো অসমৰ প্ৰতি এক ভীষণ অন্যায়। আনহাতে পাকিস্তান, আফগানিস্থানৰ পৰা ভাৰতত প্ৰবেশ কৰা হিন্দু ধৰ্মকে ধৰি এই সকলো ধৰ্মৰ লোকৰ সংখ্যা অতি নগণ্য। এই সংখ্যাই ভাৰতবৰ্ষৰ অন্য ৰাজ্য সমূহৰ জনগাঠনিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। কিন্তু যিহেতু বাংলাদেশৰ পৰা ভাৰতবৰ্ষত প্ৰবেশ কৰা লোক সকলৰ এক বৃহৎ সংখ্যক লোক কেৱল অসমতহে আছে আৰু এই সংখ্যাও এক বৃহৎ পৰিমাণৰ। যিহেতু এই সংখ্যাই অসমৰ জনগাঠনি সলনি কৰি দিব পাৰে, সেয়েহে অসমৰ ৰাইজে ‘কা’ ৰ বিৰোধীতা কৰিছে।
উঃ- যি দৰে হিন্দু বাংলাদেশীৰ অত্যাধিক প্ৰবজনে ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰী লোক সকলৰ অস্তিত্ব ত্ৰিপুৰাত বিপন্ন কৰিলে। আজি ত্ৰিপুৰাত খিলঞ্জীয়া ত্ৰিপুৰী সকলে ভাষা, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সকলো হেৰুৱালে। ত্ৰিপুৰাৰ ৰাজনৈতিক ক্ষমতা ত্ৰিপুৰীৰ হাতত নাই। ১৯৭১ চনত অসমীয়া মানুহৰ সংখ্যা হল 60.89% আৰু বেঙ্গলী মানুহৰ সংখ্যা হল 19.70% ১৯৯১ চনত অসমীয়া মানুহৰ সংখ্যা 57.81% আৰু বেঙ্গলী মানুহৰ সংখ্যা 21.67% ২০১১ চনত অসমীয়া মানুহৰ সংখ্যা 48.38% আৰু বেঙ্গলী মানুহৰ সংখ্যা 28.91 বাংলাদেশৰ পৰা হৈ থকা অবৈধ প্ৰৱজনৰ ফলত দ্ৰুতগতিত অসমীয়া লোকৰ সংখ্যা কমি গৈ আছে আৰু বেঙ্গলী মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। অসম চুক্তি অনুযায়ী যিহেতু ১৯৭১ চনৰ পিছত অহা সকলো বিদেশীক বহিষ্কাৰ কৰিব লাগে, কিন্তু সেই চুক্তি উলংঘা কৰি যদি সকলো হিন্দু অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰা হয় তেতিয়া অসমত অসমীয়া মানুহে নিজৰ ভাষীক, সাংস্কৃতিক, ৰাজনৈতিক অধিকাৰ হেৰুৱাতো নিশ্চিত।
উঃ- কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে দি থকা তথ্যৰ আধাৰত আমি নিশ্চিত হব পাৰোঁ যে অসমত ৭০/৮০ লাখ অবৈধ বিদেশী আছে। এই বৃহৎ সংখ্যক বিদেশীৰ মাজত হিন্দু কিমান আৰু মুছলমান কিমান সেই সম্পৰ্কে ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ জৰীপ কৰা নাই। সেয়েহে সংখ্যাটো কোৱা টান, কিন্তু এক বৃহৎ সংখ্যাক হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পোৱাতো নিশ্চিত আৰু এই সকলৰ বংশ বৃদ্ধিয়ে অসমীয়া মানুহলৈ ভয়াবহ বিপদ আনিব। সেয়েহে অসমৰ ৰাইজে বিচাৰিছে যে হিন্দু হওক বা মুছলমানেই হওক অসমত ১৯৭১ চনৰ পিছত অবৈধ ভাবে প্ৰবেশ কৰা প্ৰতিজন বিদেশীক বহিষ্কাৰ কৰিব লাগে।
উঃ- ভাৰতবৰ্ষৰ সংবিধান বা সংসদত গৃহিত সকলো আইন সময়ে সময়ে সংশোধন হয়। শেহতীয়া সংশোধনীত যদিও ২০১৪ চন ধাৰ্য কৰি দিয়া আছে, কিন্তু ভৱিষ্যতলৈ এই সময় সীমা ২০২০, ২০২৫, ২০৩০, আদি বৃদ্ধিৰে অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ ধাৰাবাহিক প্ৰচেষ্টা চলি থাকিব। এই আইন খনৰ বাবে বাংলাদেশৰ মৌলবাদী ইছলামিক শক্তি সমূহক তাত বসবাস কৰা হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকক নিৰ্যাতন চলোৱাৰ পথ মুকলি হ’ল। আৰু যেতিয়াই বাংলাদেশত এই সংখ্যালঘু লোক সকলৰ ওপৰত নিৰ্যাতন চলোৱা হ’ব তেতিয়াই সেই সকল লোকে পৰ্যায়ক্ৰমে অসমত প্ৰৱেশ কৰিব। প্ৰৱজন কেতিয়াও এদিনত নহয়। অসমত অবৈধ ভাবে প্ৰবেশ কৰি বাস কৰি থকা ৭০/৮০ লাখ লোক এদিনতে অহা নাছিল। ১৯৭১ চনৰ পৰা ২০১৯ চনলৈ এই সময়ছোৱাত প্ৰবেশ কৰিছিল। সেয়েহে ভৱিষ্যতলৈও এই প্ৰবেশৰ বাট মুকলি হৈ থাকিব।
উঃ- উক্ত সংশোধনী সমূহৰ দ্বাৰা অসমীয়া মানুহৰ ক্ষতি হোৱা নাছিল। ভাৰতত নাগৰিকত্ব আইন মতে ভাৰতবৰ্ষত নাগৰিকত্ব পাব পৰা যোগ্যতাৰ ভিতৰত এটা অন্যতম যোগ্যতা আছিল জন্মৰ ভিত্তিত নাগৰিকত্ব প্ৰাপ্তি। অৰ্থাৎ ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰা যি কোনো লোকেই জন্ম স্বত্বৰেই ভাৰতবৰ্ষত নাগৰিকত্ব লাভ কৰে। ১৯৮৯ চনৰ সংশোধনীৰ দ্বাৰা কোৱা হৈছিল যে ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰিলেই জন্ম স্বত্বৰে নাগৰিকত্ব নাপাব। জন্ম হোৱা শিশুটিৰ পিতৃ বা মাতৃ যি কোনো এজন ভাৰতীয় হব লাগিব। অৰ্থাৎ এই সংশোধনীৰ দ্বাৰা নাগৰিকত্ব প্ৰাপ্তি কঠোৰ কৰা হ’ল, অৰ্থাৎ ভাল হ’ল। ১৯৯২ চনৰ সংশোধনী অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নাছিল। এই সংশোধনীত বিদেশত বসবাস কৰা ভাৰতীয় মূলৰ লোক সকলৰ ক্ষেত্ৰত হে প্ৰযোজ্য। ২০০৩ চনৰ সংশোধনীৰ দ্বাৰা নাগৰিকত্ব প্ৰাপ্তিৰ চৰ্ত আখিক কঠোৰ কৰা হল। এই সংশোধনীৰ দ্বাৰা কোৱা হ’ল যে ভাৰতত জন্ম গ্ৰহণ কৰা লোকজনৰ পিতৃ বা মাতৃ কোনোবা এজন কেৱল ভাৰতীয় হলেই নহ’ব, আনজনো অবৈধ বিদেশী হব নালাগিব। অৰ্থাৎ আনজনো বৈধ পাৰপত্ৰৰ জৰিয়তে ভাৰতলৈ অহা লোক হব লাগিব। অৰ্থাৎ এই সংশোধনী সমূহে আমাৰ ক্ষতি কৰা নাছিল বৰঞ্চ লাভৱান হে কৰিছিল।
উঃ- নিশ্চয় নহয়। ভাৰতবৰ্ষত ৰাজ্য বিভাজন হৈছিল ভাষাৰ ভিত্তিত। সেয়েহে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যই স্বকীয় মৰ্যদাৰে নিজৰ ভাষা, সংস্কৃতি ৰাজনৈতিক অধিকাৰ লৈ জীয়াই আছে। এজন গুজৰাটী মানুহ প্ৰথমে এজন গৰ্বিত গুজৰাটী তাৰ পিছত ভাৰতীয়, এজন মহাৰাষ্ট্ৰৰ মানুহ প্ৰথমে এজন গৰ্বিত মাৰাঠী তাৰ পিছত ভাৰতীয়, এজন পশ্চিমবংগৰ মানুহ প্ৰথমে গৰ্বিত বেঙ্গলী তাৰ পিছত ভাৰতীয় আমিও এজন গৰ্বিত অসমীয়া আৰু ভাৰতীয়। গতিকে ভাষাৰ দৃষ্টিৰে চহকী অসমীয়া মানুহে নিজৰ ভাষা, কৃষ্টি আৰু ৰাজনৈতিক অধিকাৰেৰে জীয়াই থাকিব বিচাৰে। ভাষা হেৰুৱাই, ৰাজনৈতিক অধিকাৰ হেৰুৱাই আমি হিন্দী, হিন্দু আৰু হিন্দুস্থানী হব পাৰিম, কিন্তু অসমীয়া হ’ব কেতিয়াও নোৱাৰিম। হিন্দী আমাৰ ৰাষ্ট্ৰভাষা, আমাৰ দেশ হিন্দুস্তান, আমি গৰ্বৰে এইটো স্বীকাৰ কৰো কিন্তু আমি হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন আদি যি ধৰ্মৰে নহওঁ কিয়, আমি কিন্তু অসমীয়া।
উত্তৰ - অসম চুক্তি খন চাওক।
Ans.: CAA is Citizenship Amendment Act. Every country has some definite rules and regulations to award citizenship. In India Citizenship Act 1955 determines citizenship. Recently government has amended this Citizenship Act 1955. Both the houses have passed it with majority in December 2019. This amendment is known as CAA (Citizenship Amendment Act 2019).
Ans.: Though it is a pan India act the impact of this act will be different in different parts of the country specially in Assam. India has 3 Muslim majority country in its neighbour i.e. Pakistan, Bangladesh and Afghanistan. Religious minorities comprising of Hindus, Sikhs, Buddhists, Jains, Christians and Parsis are prosecuted in these countries. Govt. of India has amended the Citizenship Act to give citizenship to those prosecuted minorities. Some sections of Indian society are protesting against CAA-2019 because they think in a secular domestic country like India religion can’t be the basis of citizenship.
Ans.: As per Assam Accord Assam accepted foreigners of all religion up to 1971 which is 21 years more than rest of India. Further, from Pakistan and Afghanistan very negligible number of foreigners came to India and settled in North-western India without changing demographic composition of those areas but a significant number of foreigners came from Bangladesh to Assam and have changed the demographic composition of Assam drastically. This problem is unique to Assam so Assam is opposing CAA-2019 vociferously.
Ans.: Large scale migration of Hindu Bangladeshis to Tripura made indigenous Tripuris minority with only 19% of Tripura population. Indigenous Tripuris lost their control of language, culture, political rights in their own state. Same will happen if Hindu Bangladeshis are given citizenship under CAA-2019. Following chart will explain the situation better. 1971 Assamese 60.89% and Bengali 19.70% 1991 Assamese 57.81% and Bengali 21.67% 2011 Assamese 48.38% and Bengali 28.91 From the above chart it is quite clear that Assamese population is fast decreasing and Bengali increasing. If Hindu, Sikh, Buddhist, Jain, Christian and Parsi Bangladeshis are given citizenship under CAA and Assam will soon become another Tripura where Assamese will not have any control over their Language and Culture and also lose political control on their own state.
Ans.: From those data provided by different governments over the years in Indian National Parliament and Assam State Assembly we can be roughly sure that there are about 70 to 80 lakhs of illegal foreigners living in Assam. But there are no data available about religious composition of those foreigners. Assam do not want to differentiate foreigners in terms of religion. All foreigners who entered Assam after Midnight of 24th March, 1971 will have to leave Assam.
Ans.: This Citizenship Amendment Act is amendable. The cut-off date in present amendment of 2019 is 31st December 2014. But this date can be extended with simple amendment. All who came to Assam, came illegally for various reasons. Religious atrocity is one of them. This law in India will encourage Islamic fundamentalists of Bangladesh to prosecute minorities there so that they flee to India easily. Migration do not happen in one day. All those 70 to 80 lakhs people living in Assam came during the period 1971 to 2019 towards an uncertain future. Now when they know they will get citizenship sooner or later they will come here in slightest provocation.
Ans.: Those amendments were not against Assamese people, so Assam did not object to it.
Ans.: No way. States were reconstructed on the basis of language. That is why every state is living with dignity with their language, culture and political right. A Gujarati is a proud Gujarati first then a proud Indian, a Maharashtrian is a proud Maharashtrian first then a proud Indian, so on and so forth. That’s way an Assamese wants to live with dignity in his own state where his language, culture and political power is not overwhelmed by infiltrators belonging to a different language from neighbouring state.
Ans.: Look at Assam Accord yourself.